ডাউনলোড
মোবাইল এপ

android apple
signal

January 17, 2025 10:32 AM | Assets Card

printer

স্বামিত্ব আঁচনিৰ অধীনত কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীক স্বামিত্ব আঁচনিৰ অধীনত ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰীপৰ বাবে অত্যাধুনিক ড্রোণ প্ৰযুক্তিৰ মাধ্যমেৰে পৰিয়ালসমূহক অধিকাৰৰ অভিলেখ প্ৰদান কৰি গ্ৰামাঞ্চলৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰিছে। আঁচনিখনে সম্পত্তিৰ মুদ্ৰাকৰণত সুবিধা প্ৰদান কৰাৰ লগতে বেংক ঋণৰ জৰিয়তে প্রতিষ্ঠানগত ঋণ লাভৰ পথ সুগম কৰি তোলে। ইয়াৰ উপৰি সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰাত সহায় কৰে আৰু গ্ৰামাঞ্চলত সম্পত্তিৰ মূল্যায়ন তথা সম্পত্তি কৰ সংগ্ৰহ সূচল কৰি তোলে।
বৰ্তমানলৈকে ১৩ লাখ ১৭ হাজাৰৰো অধিক গাঁৱৰ ড্রোণ জৰীপ সম্পূৰ্ণ হৈছে আৰু এই সংখ্যা নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় ৯২ শতাংশ। আঁচনিখনৰ অধীনত এতিয়ালৈকে ১ লাখ ৫৩ হাজাৰৰো অধিক গাঁৱৰ বাবে প্ৰায় ২ কোটি ২৫ লাখ সম্পত্তি কার্ড প্রস্তুত কৰি উলিওৱা হৈছে। পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত এই আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ, ছত্তিশগড় আৰু কেইবাখনো কেন্দ্ৰীয়শাসিত অঞ্চলতো ড্রোণ জৰীপ সম্পন্ন হৈছে।

অধিক পঢ়ক

সকলো চাওক