সমাগত স্বাধীনতা দিৱস পালনৰ উদ্দেশ্যে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত স্বাধীনতা দিৱস উদযাপন সম্পর্কে বিশদভাৱে আলোচনা কৰা হয়। সভাত আয়ুক্তগৰাকীয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিজ নিজ দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন প্রতিযোগিতাসমূহৰ বিষয়ওে জিলা আয়ুক্তগৰাকীয়ে সদৰী কৰে। ইয়াৰ উপৰি কুছ-কাৱাজত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহক লঘু আহাৰ প্ৰদান কৰিবলৈও সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায়।
Site Admin | July 21, 2024 12:44 PM | Lakhimpur District