ডাউনলোড
মোবাইল এপ

android apple
signal

August 10, 2024 6:21 PM | Har Ghar Tirajnga

printer

স্বাধীনতা দিৱস উপলক্ষে অসমতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব : মন্ত্ৰী বিমল বৰা

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ’বলগীয়া হৰ ঘৰ তিৰংগা কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ’ব। এই সম্পর্কে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ’ব লগা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত গ্রামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটী ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৩ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ত্ৰিৰংগ সমলয় শীর্ষক দেশপ্ৰেমমূলক গীতৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই অনুষ্ঠানতে চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ে দেশপ্ৰেম আৰু বিকশিত অসমক বিষয়বস্তু হিচাপে অঁকা এখন বৃহৎ ত্ৰিৰংগ কেনভাছ প্ৰদৰ্শন কৰা হ’ব। এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বৰা উপস্থিত থাকিব। আনহাতে এই সভাত জনসংযোগ বিভাগক ঘৰে ঘৰে ত্ৰিৰংগ বাৰ্তা প্ৰচাৰৰ বাবে হৰ্ডিং লগোৱাৰ লগতে টেলিভিছন যোগে এই সন্দৰ্ভত প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী পৌৰ নিগমৰ সকলো ব্যৱসায়িক প্রতিষ্ঠানতে ত্ৰিৰংগ উত্তোলনৰ বাবে লগতে পাৰিলে অন্যকো একোখন জাতীয় পতাকা আগবঢ়োৱাৰ বাবে আহ্বান জনাবলৈ নিৰ্দেশ দিয়া হয়। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত জিলা ক্রীড়া আৰু শিক্ষা বিভাগৰ সহযোগত ত্ৰিৰংগা চাইকেল সমদল উলিওৱা হয়। চিৰাং জিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি ভাগৱতীয়ে পতাকা জোঁকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা অর্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমদলত জিলা ক্রীড়া বিষয়া বিক্রম দৈমাৰী, জিলা প্ৰশাসন তথা ক্রীড়া বিভাগৰ বিষয়ববীয়া আৰু শিক্ষকসকল উপস্থিত থাকে। ওদালগুৰি জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত অসম-অৰুণাচল আৰু ভূটান সীমান্তত অৱস্থিত পৰ্যটনস্থলী ভৈৰৱকুণ্ডত সমাগত স্বাধীনতা দিৱস উদযাপনৰ অংশ স্বৰূপে শ্রমদান কার্যসূচী গ্ৰহণ কৰা হয়। ওদালগুৰি জিলা আয়ুক্ত জাৱিৰ ৰাহুল সুৰেশে শ্রমদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে আয়ুক্তগৰাকীৰ নেতৃত্বত ভৈৰৱকুণ্ডৰ বনভোজস্থলীৰ চৌপাশ পৰিস্কাৰ কৰা হয়। আজিৰ এই শ্রমদান কাৰ্যসূচীত জিলাখনৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনৰ লগতে ওদালগুৰি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলেও শ্রমদান কৰে।

অধিক পঢ়ক

সকলো চাওক