September 22, 2024 7:50 PM | Assam Police

printer

স্বাধীনতা দিৱসৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বোমা সদৃশ সামগ্রী সংস্থাপনৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বোমা সদৃশ সামগ্রী সংস্থাপনৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা। ডিব্ৰুগড় আৰু লখিমপুৰৰ পৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে যোৰহাট আৰু গুৱাহাটীৰ পৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয়। ইফালে, তিনিচুকীয়া, শদিয়া, নগাঁও, নলবাৰী, তামুলপুৰৰ পৰা এজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা- এন আই এৰ কাৰিকৰী সহযোগত চলোৱা এই অভিযান বিভিন্ন সূত্ৰৰ পৰা পোৱা চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা হয়। গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ প্ৰাৰম্ভিক জেৰাৰ পাছত অভিযোগনামা দাখিল কৰা হৈছে। আৰক্ষী সূত্ৰই পৰৱৰ্তী জেৰাৰ পাছত ঘটনা সংক্ৰান্তত আৰু অধিক তথ্য পোৱা যাব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক