ডাউনলোড
মোবাইল এপ

android apple
signal

January 24, 2025 4:26 PM | Republic Day 2025

printer

‘স্বর্ণিম ভাৰতঃ ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰ ভিত্তিত সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰ্যালয় তথা বিভাগৰ ৩১ টা প্রতীকপট অন্তৰ্ভুক্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তি প্ৰদৰ্শন কৰা হ’ব। সমাৰোহত সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী আৰু জনসাধাৰণৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। এই সমাৰোহত ‘স্বর্ণিম ভাৰতঃ ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰ ভিত্তিত সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰ্যালয় তথা বিভাগৰ ৩১ টা প্রতীকপট অন্তৰ্ভুক্ত কৰা হ’ব। গণৰাজ্য দিৱসৰ কুচ-কাৱাজত ভগৱান বীৰচা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম বার্ষিকী, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু বতৰ বিজ্ঞান বিভাগৰ বিশেষ প্রতীকপট চামিল কৰা হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ ৩০০ গৰাকী শিল্পীয়ে বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা জাতীয় সংগীত ‘চাৰে জাঁহা ছে আচ্ছা’ৰে কুচ-কাৱাজ আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক