September 29, 2024 6:28 PM | Mann Ki Baat

printer

স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সকলোকে আহ্বান

স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত কয় যে, ২ অক্টোবৰত এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ’ব আৰু মানুহৰ মাজত আৱৰ্জনাক সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মন্ত্ৰ জনপ্ৰিয় হোৱাৰ কথাই এই অভিযানৰ সাফল্যকে নিৰ্দেশ কৰিছে। তেওঁ কয় যে, বর্তমান দেশবাসীয়ে হ্রাস, পুনৰ ব্যৱহাৰ আৰু নৱীকৰণৰ বিষয়ে কবলৈ লৈছে। প্রধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে সকলোকে আহ্বান জনায়। স্বচ্ছতাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰি যোৱা মহাত্মা গান্ধীলৈ তেওঁ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্রধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ সীমান্তৱৰ্তী গাওঁ ঝালাত যুৱক-যুৱতীসকলে নিজৰ গাঁওখন পৰিষ্কাৰ কৰি ৰাখিবলৈ আৰম্ভ কৰা ধন্যবাদ প্রকৃতি শীর্ষক বিশেষ কাৰ্যসূচীৰ উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত পুডুচেৰীৰ মাহে অঞ্চলত যুৱ সমাজক নেতৃত্ব দিয়া মহিলা ৰামায়া আৰু ২৩ হাজাৰৰো অধিক ভগা চকীক মেৰামতি কৰি পুনৰ ব্যৱহাৰ যোগ্য কৰি তোলা কোজিকোডৰ ৭৪ বছৰীয়া সুব্রমনিয়ামৰ কথা উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক