July 14, 2024 6:51 PM | Euro Cup 2024

printer

স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল

স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত বার্লিনত আজি নিশা ১২.৩০ বজাত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰোকাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গলত ফ্লান্সক আৰু একেই ব্যৱধানত ইংলেণ্ডে নেডাৰলেণ্ডছক পৰাজিত কৰিছিল। আন এখন মহাদেশীয় ফুটবল প্রতিযোগিতা ক’পা আমেৰিকাত কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা ৫.৩০ বজাত মিয়ামিত হ’বলগীয়া ফাইনেল খেলত আৰ্জেণ্টিনা, কলম্বিয়া বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ছেমিফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্বিয়াই দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকা ফুটবল প্রতিযোগিতাত চুড়ান্ত বিজয়ী হোৱাৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ’ব। কোপা আমেৰিকা ফুটলৰ প্ৰতিযোগিতাৰ ইতিহাসত আৰ্জেণ্টিনা আৰু উৰুগুৱে হৈছে আটাইতকৈ সফল দল। দুয়োটা দলে ১৫ বাৰকৈ এই প্রতিযোগিতাত বিজয়ী হৈছে।

অধিক পঢ়ক

সকলো চাওক