September 29, 2024 11:24 AM | ADRE Exam

printer

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

ৰাজ্যৰ কেইবাখনো জিলাত আজি অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত মুঠ ৭ লাখ ৩৪ হাজাৰ ৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে পুৱা চাৰে আঠ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে। উল্লেখযোগ্য যে আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছে। আনহাতে দিনৰ ডেৰ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব। তৃতীয় বৰ্গৰ মুঠ ৪,০৫৫টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ সময়ত হোৱা তালাচীত কোনো প্রার্থী যদি অসুবিধাৰ সন্মুখীন হয়, তেন্তে সংশ্লিষ্ট প্ৰাৰ্থীৰ্গৰাকীয়ে তাৎক্ষণিকভাৱে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাব পাৰিব বুলি প্ৰশাসনে জানিবলৈ দিছে। পৰীক্ষা অন্ত পৰাৰ পিছত প্ৰাৰ্থীসকলে প্ৰশ্নকাকতখন নিজৰ লগত আনিব পাৰিব। লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰদান কৰা OMR শ্বিটখনত থকা ৰোল নম্বৰ উত্তৰ কৰাৰ পূৰ্বে সঠিকভাৱে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলক কোৱা হৈছে। পৰীক্ষাৰ সময়ছোৱাত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ উপৰি সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক