সোমবাৰে প্রধানমন্ত্ৰী মোদীৰ গুজৰাট ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুজৰাট ভ্ৰমণ কৰিব। তেওঁ এই ভ্রমণকালত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ছানছেছৰ সৈতে টাটা এডভান্সড চিষ্টেম লিমিটেড কেম্পাছত চি – ২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰ ক্রাফ্‌ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ লগতে প্রধানমন্ত্রী মোদীয়ে ভাৰত মাতা সৰোবৰ উদ্বোধন কৰাৰ লগতে আমৰেলীত প্ৰায় ৪ হাজাৰ ৯০০ কোটি টকা ব্যয়সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে এই প্রকল্পসমূহে আমৰেলী, জামনগৰ, মৰ্বি, দেৱভূমি দ্বাৰকা, জুনাগড়, পোৰবন্দৰ, কচ্ছ আৰু বোটাড জিলাৰ নাগৰিকসকলক উপকৃত কৰিব । আনহাতে, সংযোগ উন্নত কৰাৰ প্ৰয়াসত প্ৰধানমন্ত্ৰীয়ে ২৮০০ কোটিতকৈও অধিক টকাৰ বিভিন্ন পথ প্ৰকল্পৰ ভেটি স্থাপন কৰিব। প্ৰায় এহেজাৰ ১০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ সম্পূৰ্ণ হোৱা ভূজ-নলীয়া ৰেলগজ ৰূপান্তৰ প্ৰকল্প তেওঁ দেশবাসীৰ বাবে উচৰ্গা কৰিব। আমৰেলী জিলাৰ পানীযোগান বিভাগৰ ৭০০ কোটিটকীয়া অতিৰিক্ত ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পও উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। এই প্রকল্পসমূহৰ ভিতৰত নৱদাৰ পৰা শ্বাৱন্দালৈ বাল্ক পাইপলাইন অন্যতম, যিয়ে ৩৬ খন চহৰ আৰু এহেজাৰ ২৯৮ খন গাঁৱৰ প্ৰায় ৬৭ লাখ হিতাধিকাৰীক অতিৰিক্ত ২৮ কোটি লিটাৰ পানী যোগান ধৰিব পাৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰ্যটন সম্পৰ্কীয় বহুতো আধাৰশিলা স্থাপন কৰিব য’ত পোৰবন্দৰ জিলাৰ মকাৰ সাগৰত থকা কার্লি ৰিচাৰ্জ জলাশয়ক বিশ্বমানৰ বহনক্ষম ইক’ ট্যুৰিজিমৰ গন্তব্য স্থানলৈ ৰূপান্তৰিত কৰাটো অন্তৰ্ভুক্ত হৈ আছে।

অধিক পঢ়ক

সকলো চাওক