সোণাপুৰৰ জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছেঃ জি পি সিঙ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰী সিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলীত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি ২২ গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক আটক কৰিছে। প্ৰশাসনে সেই অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ পূৰ্বে জাননী জাৰি কৰিছিল যদিও লোকসকলে সেই ভূমি এৰি নোযোৱাত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। কিন্তু একাংশ লোকে উচ্ছেদত বাধা দিয়াৰ ফলতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অধিক পঢ়ক

সকলো চাওক