September 13, 2024 8:03 PM | Akashvani | CMO Assam

printer

সোণাপুৰৰ কচুতলিত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছেঃ মুখ্যমন্ত্ৰী

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ঠাইখনত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতিয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ’ব। আনহাতে ট্রাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্রেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰি কয় যে, কচুতলীত কংগ্ৰেছ দলে সভাপাতি বেদখলকাৰীক উচতনি দিছিল। অঞ্চলটোত প্ৰথমে শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান চলি আছিল বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰী সিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলীত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি ২২ গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক আটক কৰিছে। প্ৰশাসনে সেই অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ পূৰ্বে জাননী জাৰি কৰিছিল যদিও লোকসকলে সেই ভূমি এৰি নোযোৱাত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল। কিন্তু একাংশ লোকে উচ্ছেদত বাধা দিয়াৰ ফলতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অধিক পঢ়ক

সকলো চাওক