September 18, 2024 7:52 PM | eviction

printer

সোণাপুৰৰ অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা বি টি আৰৰ জনজাতীয় সংগঠনৰ

বি টি আৰৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতিয়ে ৰাজ্য চৰকাৰে সোণাপুৰৰ জনজাতীয় খণ্ড আৰু বেষ্টনীত অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰিছে। সমিতিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এই পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি কোকৰাঝাৰত এখন সংবাদমেল সম্বোধন কৰি সমিতিৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক গজেন নাৰ্জাৰীয়ে কয় যে জনজাতি অধ্যুষিত এলেকাসমূহ অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰম্যভূমি হিচাপে পৰিগণিত হৈছে। তেওঁলোকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সময়োপযোগী পদক্ষেপক প্রশংসা কৰি ভৱিষ্যতেও এনেধৰণৰ শক্তিশালী পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। তেওঁলোকে ৰাজ্যৰ অন্যান্য জনজাতি অধ্যুষিত স্থানৰ উপৰি বি টি আৰতো অনুৰূপ পদক্ষেপ ল’বলৈ চৰকাৰক আহ্বান জনাইছে। সমিতিয়ে লগতে ২০২৬ চনৰ বনভূমি আইন অনুসৰি জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষাৰ বাবে তেওঁলোকক ভূমি আৱণ্টন দিবলৈও আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক