সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অভিহিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই পদক্ষেপে লিংগ সমতা আৰু লিংগ ন্যায়ৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব প্ৰগতিৰ কথাকে প্রতিফলিত কৰে। উত্তৰাখণ্ডৰ দেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সৈনিক মহাবিদ্যালয়, আৰ আই এম চি ৰ কেডেটসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ছোৱালীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে বিশ্ব কল্যাণৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পৰাকৈ সাজু কৰি তোলা হৈছে। ইয়াৰ পূর্বে শ্রীধনখড়ে মহাবিদ্যালয় চৌহদত এটি গছপুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ গুৰুত্বত আলোকপাত কৰে। শ্রীধনখড় আজি ঋষিকেশৰ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠানলৈও যাব। তাত তেওঁ প্রতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক