ডাউনলোড
মোবাইল এপ

android apple
signal

সোমবাৰৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদী ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মস্কোলৈ যাব। নেতা দুয়োগৰাকীয়ে দুয়োখন দেশৰ মাজৰ বহুপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত সাম্প্রতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব। এই ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ চুক্তি, শক্তি সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা তথা সংস্কৃতি আদি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হ’ব। ৰাছিয়া ভ্রমণ সামৰি প্ৰধানমন্ত্রী শ্রীমোদী মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হ’ব। এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্রমণ। শ্রীমোদীয়ে মস্কো আৰু ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰৰ সৈতেও আলোচনাত মিলিত হ’ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক