অসমত এডভান্টেজ আছাম দ্বিতীয় তথা বিনিয়োগৰ সম্ভাৱনীয়তা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ আগশাৰীৰ উদ্যোগিক প্রতিষ্ঠান- টাটা গ্ৰুপৰ অধ্যক্ষ আৰু আন শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন, টাটা কঞ্জিউমাৰৰ মুখ্য কাৰ্যবাহী বিষয়া সুনীল ডিছুজা, টাটা পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰবীৰ সিনহা, টাটা ইলেকট্রনিক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ৰনধীৰ ঠাকুৰকে ধৰি কোম্পানীটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যন্ত্ৰীয়ে অসমত বিভিন্ন আন্তঃগাঁথনি নির্মাণ, ইলেকট্রনিকছ, ছেমিকণ্ডাক্টৰ, সেউজ শক্তি উৎপাদন, দক্ষতা বিকাশ আদি বিভিন্ন ক্ষেত্ৰত কোম্পানীটোৰ সৈতে অসমৰ চৰকাৰৰ যৌথ প্ৰকল্পৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা কৰে। আলোচনা কালত মুখ্যমন্ত্ৰীয়ে অসমত টাটা গ্ৰুপৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ পৰ্যালোচনা কৰাৰ লগতে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত টাটা গ্রুপক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই আলোচনাত মুখ্যমন্ত্ৰী, মুখ্যসচিব ড০ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ এ কে ট্রিবেদি আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড০ লক্ষ্মণন এছ এ সহায় কৰে।
ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ফার্মাছিউটিকেল কোম্পানী- ছান ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক আলোক চাংভী আৰু কোম্পানীটোৰ অপাৰেচন শাখাৰ মুৰববী ৰাহুল অবষ্ঠিৰ সৈতেও আন এখন বৈঠকত মিলিত হয়।
তিনি দিনীয়া ভ্রমণসূচী লৈ মুম্বাইলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কাইলৈ মুম্বাইত এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ সন্মিলনৰ সজাগতা সৃষ্টিৰ বাবে আয়োজিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। এই ভ্রমণ কালতে মুখ্যমন্ত্রী ড০ শর্মাই লার্চেন এণ্ড টার্বো, মাহেন্দ্ৰ গ্ৰুপ আৰু আদানী বিমান বন্দৰ গ্ৰুপৰ লগতে কেইবাটাও বৃহৎ উদ্যোগ আৰু ব্যৱসায়ী গোষ্ঠীৰ সৈতে আলোচনাত মিলিত হ’ব।
Site Admin | January 5, 2025 11:00 AM | Advantage Assam