ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে মহাকাশতে দুটা কৃত্রিম উপগ্রহক সংযুক্ত কৰাৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ৰূপায়ণ কৰিবলগীয়া স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কালি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভাগৰ ইছৰোৰ এই অভিযান সঁচাকৈ ঐতিহাসিক, কাৰণ ইয়াৰ জৰিয়তে দুটাকৈ কৃত্ৰিম উপগ্ৰহক সংযুক্ত কৰা হ’ব। এই অভিযানেৰে দুটা কৃত্ৰিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপন কৰা বছা বছা দেশৰ মাজত ভাৰতৰ নামো অন্তৰ্ভুক্ত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই অভিযানৰ অধীনত পি এছ এল ভি ৰকেটৰ সহায়ত থলুৱা ভাৰতীয় দকিং প্ৰণালীৰে সু-সজ্জিত দুটা কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰা হ’ব।
Site Admin | December 29, 2024 11:50 AM | ISRO
সোমবাৰে ইছৰোই স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তোলা বুলি মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ
