সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই দেশক বিশ্বৰ ভিতৰতে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ ভিতৰৰ অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰি আছে। প্রধানমন্ত্ৰীয়ে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে কয় যে বিকাশশীল দেশ হৈয়ো ভাৰতে পেৰিছত নিৰ্ধাৰণ কৰ জলবায়ু সংক্রান্তীয় সিদ্ধান্তসমূহত ৯ বছৰৰ পূৰ্বে উপনীত হ’বলৈ সমৰ্থ হৈছে। তেওঁ কয় যে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ জৰিয়তে ভাৰতৰ প্ৰতিঘৰে বিজুলী উৎপাদকত পৰিণত হ’ব। এই আঁচনিৰ বাবে সমগ্ৰ দেশৰ ১ কোটিতকৈও অধিক লোকে নাম পঞ্জীয়ন কৰিছে। আঁচনিৰ অধীনত এতিয়ালৈকে ৩ লাখতকৈও অধিক ঘৰৰ চাঁদত সৌৰ পেনেল লগোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে যুৱক-যুৱতীসকলৰ বাবে নৱীকৰণযোগ্য শক্তিখণ্ডত পর্যাপ্ত পৰিমাণে চাকৰি আৰু দক্ষতাৰ সুযোগ সৃষ্টিৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। জলবায়ু সুৰক্ষা সংক্রান্তীয় নীতিয়ে হৈছে এইক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰধান অংগ বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। মিছন লাইফৰ অধীনত পৰিৱেশ অনুকুল জীৱনশৈলী আৰু পুনৰ ব্যৱহাৰযোগ্য অৰ্থব্যৱস্থাৰ পৰিকল্পনা উৎসাহিত কৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ লগতে দেশৰ ১৭ খন মহানগৰক সৌৰ নগৰী হিচাপে বিকশাই তোলাৰ চৰকাৰৰ পৰিকল্পনা সম্পর্কেও মত প্রকাশ কৰে। তেওঁ কয় যে চৰকাৰৰ বৰ্তমান কাৰ্য পৰিকল্পনা হৈছে- ২০৪৭ চনৰ ভিতৰত দেশক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। শ্রী মোদীয়ে লগতে কয় যে চৰকাৰৰ এই পৰিকল্পনাৰ সফলতা তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ জৰিয়তে সুন্দৰকৈ প্ৰতিফলিত হৈছে।
কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে এই সন্মিলনৰ আয়োজন কৰিছে। তিনিদিনীয়া এই সন্মিলনত অনুষ্ঠিত হ’বলগীয়া ৪০ খনতকৈও অধিক অধিৱেশনৰ জৰিয়তে সেউজ হাইড্ৰ’জেন, উদ্ভাৱনীমূলক বিত্ত সাহায্য আৰু ভৱিষ্যতৰ শক্তি সমাধান আদি বিষয় সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ’ব। ১৪০ খন দেশৰ প্ৰায় ১০ হাজাৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।
শ্ৰীমোদীয়ে আহমদাবাদৰ পৰা গান্ধীনগৰ তথা জি আই এফ টি মহানগৰ সংযোগী আহমদাবাদ মেট্ৰ’ৰ দ্বিতীয় পর্যায়ো মুকলি কৰিব। প্রধানমন্ত্ৰীয়ে আহমেদাবাদ আৰু ভূজৰ মাজত চলিবলগীয়া প্ৰথমখন বন্দে ভাৰত মেট্ৰ’ ট্ৰেইনৰ শুভাৰম্ভ কৰাৰ লগতে ৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক