প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰিছে। আজি এটা ভিডিঅ’ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। সুস্বাস্থ্য তথা সুষম আহাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰোগী মানেই সুস্বাস্থ্য নুবুজায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পুৱাৰ ভাগত অধিক সময় অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। সকলো ধৰণৰ মানসিক চাপৰ পৰা মুক্ত হৈ পৰীক্ষা তথা সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক তেওঁ পৰামৰ্শ দিয়ে। মত-বিনিময় কাৰ্যসূচীত তেলেংগানাৰ এজন ছাত্রই কয় যে প্রধানমন্ত্ৰীৰ পৰামৰ্শসমূহ অত্যন্ত উৎসাহজনক আছিল আৰু তেওঁ কোৱা সকলোবোৰ কথাই পৰীক্ষাৰ সময়ত ছাত্র-ছাত্রীসকলক যথেষ্ট সহায় কৰিব। সময়ৰ সুব্যৱস্থাপনা সন্দৰ্ভত সোধা এটা প্রশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে সময়ৰ সঠিক জ্ঞান অনুধাবন কৰিব পৰাটো অত্যন্ত প্ৰয়োজন আৰু সময়ৰ সৈতে খাপ খোৱাকৈ অধ্যয়ন তথা অন্যান্য কামসমূহৰ এখন তালিকা আগতীয়াকৈ প্ৰস্তুত কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। জটিল বিষয়সমূহক প্ৰত্যাহ্বান হিচাপে লৈ সঠিক দিশত আগবাঢ়িবলৈকো তেওঁ পৰামৰ্শ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী আকাশবাণী, দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত দেশৰ ৩৬ গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্রী মোদীৰ সৈতে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে। আজি দিনৰ ১১ বজাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰিত এই অনুষ্ঠানত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো ভিন ভিন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে ভাগ লয়।
Site Admin | February 10, 2025 5:26 PM | narendra modi | PARIKSHA PE CHARCHA | Parikshya_Pe_Charcha_PMO_India | PMO India
সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজনত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰী মোদীৰ
