August 11, 2024 11:24 AM | Om Birla

printer

সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গুৰুত্ব আৰোপ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি সংসদত নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া দিক্‌দর্শন অনুষ্ঠানত ভাষণ দি অধ্যক্ষ গৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মৰ্যাদাৰ বিষয়ে আলোকপাত কৰি শ্ৰীবিৰলাই সদস্যসকলক গণতান্ত্ৰিক আচৰণৰ সৰ্বশ্ৰেষ্ঠ মান বর্তাই ৰাখিবলৈ আহ্বান জনাই। তেওঁ কয় যে, সাংসদসকলৰ কাৰ্য অকল ভাৰততে নহয় বৰং গোলকীয়ভাৱে পৰ্যবেক্ষণ কৰা হয় আৰু সাংসদসকলে মর্যাদা, শালীনতা আৰু শিষ্টাচাৰ প্ৰদৰ্শন কৰা উচিত। নিৰ্বাচিত প্রতিনিধি হিচাপে সদস্যসকলৰ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰীবিৰলাই কয় যে, ৰাজহুৱা সমস্যাসমূহ সমাধান কৰা আৰু প্ৰশাসনৰ বিষয় সন্দৰ্ভত চৰকাৰলৈ সু-বিবেচনাপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত সাংসদসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। প্রতিনিধিত্ব কৰা জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাটো সাংসদসকলৰ দায়িত্ব আৰু সেয়েহে তেওঁলোকে জনসাধাৰণক প্ৰভাৱিত কৰা বিষয় সম্পর্কে আলোচনা কৰাৰ বাবে সদনৰ মঞ্চ ব্যৱহাৰ কৰা উচিত বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীবিৰলাই লগতে নতুন সদস্যসকলক দৃঢ়তাৰে নিজৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক