প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত সু-শাসন দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত কেন-বেট্ৰা নদী আন্তঃ সংযোগ ৰাষ্ট্ৰীয় প্রকল্প অন্যতম। এই প্ৰকল্পৰ জৰিয়তে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত জলসিঞ্চনৰ সুবিধা গঢ়ি তোলা হ’ব আৰু ইয়াৰ দ্বাৰা ৰাজ্য দুখনৰ লাখ লাখ কৃষক পৰিয়াল উপকৃত হ’ব। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ ৰাইজলৈ খোৱাপানীও যোগান ধৰা হ’ব। শ্রীমোদীয়ে লগতে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে। তেওঁ লগতে ১১৫৩টা অটল গ্ৰাম্য সুশাসন অট্টালিকাৰ আধাৰশিলাও স্থাপন কৰে। এই অট্টালিকাসমূহে গাঁও পঞ্চায়তসমূহৰ কাম-কাজ সম্পাদনত সহায় কৰিব আৰু ইয়াৰ ফলত স্থানীয় পৰ্যায়ত সুশাসনৰ পথ প্ৰথ প্রশস্ত হ’ব। সুশাসন দিৱসৰ লগত সংগতি ৰাখি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰপৰ্ব ৱেবছাইট আৰু এপ মুকলি কৰে। তেওঁ কয়, যে এই ৱেবছাইটৰ জৰিয়তে জনসাধাৰণে গণৰাজ্য দিৱস, স্বাধীনতা দিৱস সমাৰোহ, বিটিং ৰিট্ৰিট আৰু প্ৰতীকপট সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব। নাগৰিকসকললৈ ৱেব ছাইটৰ মাধ্যমেৰে কোনো নিৰ্দিষ্ট অনুষ্ঠানৰ টিকট, যান-বাহন ৰখোৱা স্থান, আসন আদিৰ তথ্যও যোগান ধৰা হ’ব। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে আজি নতুন দিল্লীত থকা প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ সমাধিত সদৈৱ অটলত পুষ্পার্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডু আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও জন্মবার্ষিকী উপলক্ষে অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীক দেশৰ মৰ্যাদা, সেৱা আৰু উন্নয়নৰ বাবে জীৱন উৎসৰ্গা কৰা ভাৰতীয় ৰাজনীতিৰ এগৰাকী মহান চিন্তাবিদ বুলি অভিহিত কৰিছে। বাজপেয়ীয়ে দেশৰ অৰ্থ ব্যৱস্থা শক্তিশালী কৰি তোলাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যোৱা বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | December 25, 2024 6:31 PM | PM Modi in Madhya Pradesh