May 20, 2024 12:58 PM | PM Modi

printer

সুযোগ, পৰিমাপ, গতি আৰু দক্ষতা যেতিয়া মিলিত হয়, তেতিয়া দেশে বহুখিনি সাফল্য অর্জন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় হৈছে সুশাসন। এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, চৰকাৰে ৰে’ল ব্যৱস্থাৰ আধুনিকীকৰণৰ লগতে আন্তঃগাঁথনি সৃষ্টি কৰিছে। তেওঁ লগতে জনসাধাৰণ কেন্দ্ৰিক সুশাসনৰ মন্ত্ৰৰ ওপৰত জোৰ দিয়ে। প্রধানমন্ত্রী গৰাকীয়ে কয় যে, ভাৰত ঔদ্যোগিক বিপ্লৱৰ দিশে আগবাঢ়ি যোৱাৰ পথত আছে। শ্রীমোদীয়ে কয় যে, যেতিয়া সুযোগ, পৰিমাপ, গতি আৰু দক্ষতা মিলিত হয়, তেতিয়া দেশে বহুখিনি সাফল্য অর্জন কৰিব পাৰে। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমোদীয়ে কয় যে, তেওঁ প্ৰতিযোগিতা আৰু সহযোগিতামূলক সংঘবাদত বিশ্বাসী। তেওঁ কয় যে, কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিব। ডিজিটেল জন আন্তঃগাঁথনি, বৈপ্লৱিক তথা নাগৰিক কেন্দ্ৰিক বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে, চৰকাৰৰ ওপৰত জনসাধাৰণৰ গভীৰ বিশ্বাস আছে আৰু ইয়াৰ বাবেই বিজেপিয়ে এইবাৰ ঐতিহাসিক জনাদেশ লাভ কৰিব আৰু ৪০০খন আসন লাভ কৰি অভিলেখ সৃষ্টি কৰিব।

অধিক পঢ়ক

সকলো চাওক