সাম্প্ৰতিক বানত ৰাজ্যখনৰ ২৬ খন জিলাৰ ১৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৯০টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। বানৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৪টা পথ আৰু ৩ খন দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনিৰ ক্ষতি হৈছে। ইফালে ২৪০টা আশ্রয় শিবিৰত ৪৮ হাজাৰতকৈ অধিক বান ক্ষতিগ্রস্ত লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফৰ দলে কাছাৰ, বৰপেটা, বঙাইগাঁও, ডিব্ৰুগড় আৰু যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে অন্য জিলাত অভিযান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ লগতে দিখৌ, দিচাং, বুঢ়িদিহিং, কুচিয়াৰাকে ধৰি কেইবাখনো নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰত আছে। বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা আৰু বৰপেটা জিলাত বিজুলী-গাজনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰাক উপত্যকাৰ বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। কৰিমগঞ্জ জিলাৰ ৪৬টা অঞ্চল এতিয়াও বানৰ কবলত আছে। জিলাখনত স্থাপন কৰা ৪০টা আশ্রয় শিবিৰত ৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। জিলাখনৰ ২৫ হাজাৰ ৪০০ৰো অধিক লোক বানত ক্ষতিৰ সন্মুখীন হৈ আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৬৫ খন গাঁৱৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ আছে। জিলা প্ৰশাসনে ক্ষতিগ্রস্ত অঞ্চলসমূহত সাহায্য বিতৰণ অব্যাহত ৰাখিছে। ৰঙিয়াৰ বালাগাঁৱত আজি বান ক্ষতিগ্ৰস্ত ৰাইজৰ সহায়ৰ বাবে স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। বিনামূলীয়া এই স্বাস্থ্য শিবিৰ বিধায়ক ভৱেশ কলিতাই মুকলি কৰে। শিবিৰত ক্ষতিগ্ৰস্ত লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। গোৱালপাৰা জিলাত বাঢ়নী পানী হ্রাস পাইছে যদিও পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হোৱা নাই। অৱশ্যে বানৰ সময়তো জলজীৱন অভিযানৰ প্ৰায়সংখ্যক আঁচনি কাৰ্যক্ষম হৈ থকাত ক্ষতিগ্রস্ত লোকসকলে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সমৰ্থ হৈছে। দুর্গম এলেকাত বানৰ ফলত আবদ্ধ হৈ থকা লোকসকলক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ পৰা খোৱাপানীৰ পেকেট প্ৰদান কৰা হয়। তদুপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ লগতে অন্যান্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিছে। আজি বিভাগটোৱে স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ তথা পশু চিকিৎসা বিভাগৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। এই বৈঠকত বানৰ পাছত হ’বপৰা ৰোগ সন্দৰ্ভত আলোচনা কৰা হয়।
Site Admin | July 10, 2024 7:33 PM | Assam Flood Situation