পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত অলপতে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ হাতিঘূলিৰ ৩ নম্বৰ ন-বৰমূৰা নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক আজি সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ৪ লাখ টকাৰ চেক পৰিয়ালবৰ্গক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে অঞ্চলটোৰ প্ৰাক্তন পঞ্চায়ত সভাপতিও উপস্থিত থাকে।
Site Admin | July 4, 2024 9:21 PM | assam flood 2024 | Ranjeet Kr. Das | Tinisukia
সাম্প্ৰতিক বানত মৃত্যু হোৱা তিনিচুকীয়াৰ নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাক্ষাৎ
