সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে।
শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃত কাল প্ৰত্যক্ষ কৰিছে আৰু তেওঁ দেশক অহা ২৫ বছৰৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুজৰাটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে। আজি গুজৰাটৰ আহমেদাবাদত ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰাৰ পাছত উপস্থিত জনগণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে আহমেদাবাদ আৰু ভূজৰ মাজত চলিবলগীয়া দেশৰ প্ৰথমখন নমো ভাৰত ৰেপিড ৰে’ল আৰু ছখন বন্দে ভাৰত ৰে’ল ভার্চুৱেল ব্যৱস্থাৰে মুকলি কৰে।
শ্রীমোদীয়ে প্ৰধানমন্ত্ৰীৰূপে তেওঁৰ তৃতীয়টো কাৰ্য্যকালৰ প্ৰথম ১০০ দিনে সকলোৰে বাবে প্ৰভাৱশালী বিকাশৰ বাট কটা বুলিও মন্তব্য কৰে। তেওঁৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যোৱা ১০০ দিনত সমাজৰ প্ৰতিটো স্তৰৰে কল্যাণৰ হকে বহুকেইটা উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। যোৱা ১০০ দিনত ৰে’ল, পথ, বন্দৰ আৰু বিমান সংযোগৰ ক্ষেত্ৰত কেইবাটাও প্রকল্প মুকলি হোৱাৰ কথা উল্লেখ কৰি শ্রীমোদীয়ে অনাগত সময়ত নমো ভাৰত ৰেপিড ৰে’ল দেশৰ আন আন প্ৰান্ততো মুকলি কৰাৰ পৰিকল্পনা থকাৰ কথা সদৰী কৰে।

অধিক পঢ়ক

সকলো চাওক