কেন্দ্ৰীয় জাহাজ, পৰিবহণ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সামুদ্রিক উদ্যোগত ভাৰতৰ সম্ভাৱনাই সামুদ্রিক অর্থনীতিত আমুল পৰিৱৰ্তন আনিব, যাৰ ফলত এই উদ্যোগ অমৃত কালৰ সময়ত সামুদ্রিক বাণিজ্যৰ বাবে গন্তব্যস্থানত পৰিণত হ’ব। আজি চেন্নাইত অনুষ্ঠিত The Week Maritime সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাচীন কালত সামুদ্রিক বাণিজ্যৰ সময়ত তামিলনাড়ু বিশ্বৰ ভিতৰতে অন্যতম মুখ্য গন্তব্যস্থান আছিল।
তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আৰু অধিক নিযুক্তিৰ সৃষ্টি, সম্পদ আৰু বহনক্ষম দৃষ্টিভংগীৰে পূৰ্বৰ সেই ঐতিহ্য ঘূৰাই আনিবলৈ আগ্রহী। বিগত বৰ্ষত চৰকাৰে ১০০ বিলিয়ন ডলাৰ পৰ্যন্ত বিনিয়োগ আকৰ্ষিত কৰিছিল বুলিও মন্ত্ৰীজনে উল্লেখ কৰে।
ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিড’ৰ বিকশিত কৰাৰ দিশত G-20 ত ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰি শ্ৰী সোণোৱালে কয় যে ভাৰতক সুস্থ আন্তঃগাঁথনিৰে সৈতে প্রিয় গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সাগৰমালা, সাগৰসেতু, সাগৰ সমৃতিৰ দৰে কেতবোৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। দেশৰ ৯ টা বন্দৰ বিশ্ব পৰ্যায়ৰ স্থানত আছে আৰু ভাৰতৰ জাহাজ নির্মাণ উদ্যোগ বিশ্বৰ শীৰ্ষ ৫ খন দেশৰ ভিতৰত স্থান পাব বুলি মন্ত্ৰীজনে আশা প্রকাশ কৰিছে। ভাৰতৰ আভ্যন্তৰীণ জলপথ দেশখনৰ অৰ্থনৈতিক বিকাশৰ অন্যতম পথ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।