ডাউনলোড
মোবাইল এপ

android apple
signal

সামাজিক মাধ্যমৰ এই যুগত য’ত ভুল তথ্য আৰু অপপ্ৰচাৰ সহজে বিয়পি পৰে, তেনে ক্ষেত্ৰত চৰকাৰ নিজৰ সংকল্পত দৃঢ় ভাৱে থিয় দি আছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সামাজিক মাধ্যমৰ এই যুগত য’ত ভুল তথ্য আৰু অপপ্ৰচাৰ সহজে বিয়পি পৰে, তেনে ক্ষেত্ৰত চৰকাৰ নিজৰ সংকল্পত দৃঢ় ভাৱে থিয় দি আছে। এটা ব্যক্তিগত সংবাদ সংস্থাই আয়োজন কৰা নেতৃত্ব সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয যে তেওঁ চৰকাৰ ভোটবেংক ৰাজনীতিৰ পৰা আঁতৰত আছে আৰু জনসাধাৰণৰ বাবে, জনসাধাৰণৰ দ্বাৰা বিকাশৰ মন্ত্ৰৰে কাম কৰি আছে। চৰকাৰে দেশক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে এই বিশ্বাস লৈয়ে তেওঁলোকক দায়িত্ব অর্পণ কৰিছে। আনহাতে সন্ত্ৰাসবাদৰ বিষয়ত শ্রীমোদীয়ে উল্লেখ কৰে যে সময় পৰিবৰ্তন হৈছে আৰু এতিয়া সন্ত্ৰাসবাদীয়ে নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ ধৰিছে।
প্রধানমন্ত্রীয়ে লগতে কয় যে ২০১৪ চনত দেশৰ কেন্দ্ৰীয় বাজেট প্রায় ১৬ লাখ কোটি টকা আছিল যিটো বর্তমান ৪৮ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। আনহাতে এল পি জি গেছৰ সংযোগ এসময়ত বহুতৰ বাবে সপোন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি চৰকাৰে প্ৰত্যেক ঘৰতে গেছৰ সংযোগ প্ৰদান কৰাত অগ্ৰাধিকাৰ দিছে। ২০১৪ চনত ১৪ কোটি গেছৰ সংযোগ থকাৰ বিপৰীতে বর্তমান এই সংখ্যা ৩০ কোটিৰো অধিক বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে স্বাধীনতাৰ পাছত চৰকাৰে বিপদাশংকাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিবলৈ সাহস কৰা নাছিল কিন্তু বিগত ১০ বছৰত দেশৰ যুৱচামে এই সামর্থ গঢ়ি তুলিছে। তেওঁ কয় যে দেশত বৰ্তমান ১ লাখ ২৫ হাজাৰৰো অধিক পঞ্জীয়নকৃত ষ্টার্টআপ আছে আৰু যুৱক-যুৱতীসকলে দেশক গৌৰৱান্বিত কৰাত আগ্রহী। শ্রীমোদীয়ে লগতে বর্তমান দেশত প্ৰায় ১০ কোটি লাখপতি বাইদেউ থকাৰ কথাও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক