সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। যোৱা সপ্তাহত উগ্ৰপন্থীয়ে অপহৰণ কৰা ছজন লোকৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ পাছত জিৰিবামত কালি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহত হয়। নিশাৰ ভাগত সশস্ত্র দুষ্কৃতিকাৰীয়ে জিৰিবামৰ কংগ্ৰেছ আৰু বিজেপি দুয়ো দলৰে জিলা কার্যালয় দুটাত অগ্নি সংযোগ কৰে। মণিপুৰত বাহৰ পাতি থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান অনিছ দয়াল সিঙে আজি ইম্ফলত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মুৰববীসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মণিপুৰৰ সাম্প্রতিক উত্তেজনাময় পৰিস্থিতিৰ প্ৰভাৱ ৰাজ্যখনৰ ৰাজনীতিতো পৰিলক্ষিত হৈছে। আজি জিৰিবামৰ বিজেপিৰ জিলা পৰ্যায়ৰ ৮ গৰাকী বিষয়ববীয়াই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি কনৰাড চাংমা নেতৃত্বাধীন এন পি পিৰ ৭জন বিধায়কে সমর্থন প্রত্যাহাৰ কৰাৰ কথা কালি ঘোষণা কৰিছে। ইপিনে, চৰকাৰখনলৈ নিঃচর্ত সমর্থন আগবঢ়াই থকা নাগা পিপ’ল্ছ ফ্ৰণ্টে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিত তেওঁলোকে চৰকাৰলৈ আগবঢ়োৱা সমর্থন কোনোপধ্যে প্রত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে। আজি বিয়লি ইম্ফলত আয়োজিত এখন সংবাদমেলত ৰাজ্যিক এন পি এফ নেতৃত্বই কয়, যে মণিপুৰৰ পৰিস্থিতিৰ বাবে কেৱল চৰকাৰেই দায়ী নহয়, ইয়াৰ সৈতে ভালেকেইটা তৃতীয় পক্ষ জড়িত আছে। ৰাজ্য বিধানসভাত নিজাববীয়াকৈ ৩২ গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰি থকা এন বীৰেণ সিং চৰকাৰৰ প্ৰতি এতিয়াই কোনো ভাবুকি অহা নাই যদিও পৰৱৰ্তী কেইদিনমানত দলৰ ভিতৰতে নেতৃত্ব পৰিৱৰ্তনৰ দাবী অধিক শক্তিশালী হৈ উঠাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক পর্যবেক্ষকসকলে ধাৰণা কৰিছে।
Site Admin | November 18, 2024 8:23 PM | Manipur Situation