May 12, 2024 12:08 PM | Local news

printer

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠান

সাংবাদিক প্রয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠী আৰু সাংবাদিকগৰাকীৰ পৰিয়ালৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয় আচার্য্য ড০ সমুদ্রগুপ্ত কাশ্যপ আৰু সাংবাদিক প্রকাশ মহন্তই স্মাৰক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰাক্তন গ্ৰন্থাগাৰীক ৰবিন্দ্ৰ পাঠক আৰু লেখিকা ড০ মন্দিৰা বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সাংবাদিকতা তথা গণমাধ্যমৰ হকে দীৰ্ঘদিন ধৰি জড়িত কেইবাগৰাকীও ব্যক্তিক সম্ভাষণ জনোৱা হয় ৷

অধিক পঢ়ক

সকলো চাওক