ডাউনলোড
মোবাইল এপ

android apple
signal

সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে সেনা বাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক প্ৰধানমন্ত্ৰী মোদীৰ অভিবাদন

সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা বাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক অভিবাদন জনায়। তেওঁ কয়, যে সেনা জোৱানসকলৰ সাহস আৰু ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশৰ প্ৰতি দায়িত্বশীল হবলৈ শিকোৱাৰ লগতে প্ৰেৰণা যোগায়। এই দিৱস উপলক্ষে তেওঁ সশস্ত্র বাহিনীৰ পতাকা নিধিলৈ বৰঙণি আগবঢ়াবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। গুৱাহাটীৰ ৰাজভৱনতো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ উপস্থিতিত অনুষ্ঠিত এই দিৱসত সশস্ত্র বাহিনীৰ জোৱান, প্রাক্তন সেনা বিষয়া তথা জোৱান আৰু দেশৰ বাবে আত্মবলিদান দিয়া জোৱানসকলৰ পৰিয়ালৰ সদস্যক সন্মানিত কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপাল শ্ৰীআচাৰ্যই শহিদসকলৰ পৰিয়ালবৰ্গ তথা প্রাক্তন সেনা বিষয়াসকলৰ ত্যাগক ভূয়সী প্রশংসা কৰে। অনুষ্ঠানত অংশ হিচাপে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ প্ৰাক্তন সৈনিকসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সৈনিক কল্যাণ সঞ্চালকালয়ে কার্যকলাপ সম্পৰ্কত আলোকপাত কৰা এখন দেৱাল আৰু এখন টেবুল কেলেণ্ডাৰ মুকলি কৰে ৷ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক