ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 6:30 PM | Indian Army Day

printer

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে দেশজুৰি স্থল সেনা দিৱস পালন

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা সর্বোচ্চ ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে আজি দেশজুৰি স্থল সেনা দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কর্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ তেতিয়াৰ জেনেৰেল কে এম কৰিয়াপ্পাই দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় স্থল সেনা বাহিনীৰ প্ৰথমগৰাকী মুৰববী হিচাপে পৰিগণিত হোৱা দিনটোৰ সোঁৱৰণত আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভাৰতীয় সেনা বাহিনীৰ বিষয়া-জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে স্থল সেনা দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত দেশৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সেনাবাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে সৈনিকসকলে প্রগতি আৰু সমৃদ্ধিৰ উদ্দেশ্য দেশত এটা শান্তিপূৰ্ণ বাতাবৰণ গঢ়ি তোলাৰ বাবে অৱদান আগবঢ়াই আহিছে। সৈনিকসকলৰ সাহসৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকে দেশৰ সীমান্তৰ সুৰক্ষাৰ বাবে অবিৰতভাৱে অসাধাৰণ বীৰত্ব আৰু উচ্চ পেচাদাৰিত্বৰ পৰিচয় দি আহিছে। ৰাষ্ট্ৰই মাতৃভূমিৰ সেৱাত তেওঁলোকে আগবঢ়োৱা অগণন বলিদানৰ কথা সদায়ে কৃতজ্ঞতাৰে স্মৰণ কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয়, যে বিভিন্ন সংস্কাৰ আৰু আধুনিকীকৰণৰ মাধ্যমেৰে সশস্ত্র বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ। সৈনিকসকলে সদায় দেশৰ সুৰক্ষা প্ৰহৰী হিচাপে থিয় দি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় সেনা দৃঢ়তা, পেচাদাৰিত্ব আৰু নিষ্ঠাৰ প্ৰতীকস্বৰূপ। তেওঁ কয়, যে সৈনিকসকলে প্রাকৃতিক বিপর্যয়ৰ সময়ত মানৱীয় সাহায্য আগবঢ়োৱাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই উপলক্ষে দিয়া এটা বার্তাত কয়, যে অদম্য সাহস আৰু কৰ্তব্যনিষ্ঠাৰ নিদর্শনেৰে ভাৰতীয় সেনা বাহিনী বিশ্বৰ অন্যতম শ্রেষ্ঠ সেনা বাহিনীৰূপে পৰিগণিত হৈছে। ভাৰতীয় সেনা জোৱানসকলে অত্যন্ত প্রতিকূল পৰিস্থিতিতো নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে বুলি মন্তব্য কৰে। তেওঁ লগতে দেশৰ বাবে জীৱন উৎসৰ্গা কৰা সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ।

অধিক পঢ়ক

সকলো চাওক