সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অলিম্পিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অনাগত সময়ত ৰাজ্যখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত প্রতিনিধিত্ব কৰিব পৰাকৈ অধিকসংখ্যক ক্রীড়া প্রতিভা পোহৰলৈ অনাৰ বাবে এটা কাৰ্যকৰী গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ক্রীড়া বিশেষজ্ঞ আৰু প্ৰবীন খেলুৱৈসকলক লৈ এই গোটটো গঠন কৰা হ’ব বুলি শ্রী সোণোৱালে প্ৰকাশ কৰে। তদুপৰি অনাগত সময়ত ক্ৰীড়া প্রতিযোগিতাৰ অয়োজন সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠকত অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ নামত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজনৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি দিনযোৰা কাৰ্যসূচীৰে ক্ৰীড়া অভিৱৰ্তন আৰু ২৩ জুনত ডিফুত অসম অলিম্পিক দিৱস আয়োজনৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়৷
এই বৈঠকত উত্তৰাখণ্ডত হ’বলগীয়া পৰৱৰ্তী ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে অসমৰ দলটোৰ প্ৰস্তুতি আৰু আনুষংগিক দিশসমূহ পর্যালোচনা কৰা হয়। আজিৰ বৈঠকত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি তথা মন্ত্রী পীযূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা, সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে ধৰি সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক