সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি পোৱাৰ লগতে প্ৰতিটো বিভাগ সষ্টম হৈ উঠিছে। যিকোনো মুহূৰ্ততে উদ্ভৱ হ’ব পৰা বান পৰিস্থিতিৰ বাবে কঁহৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় সাজু হৈ আছে। চিকিৎসালয়খনে আজি হেল্পলাইন নম্বৰ আৰু বিশেষ বাহন মুকলি কৰিছে। বিপদত পৰা বন্যপ্রাণী দেখিলেই ১৯৬২ নম্বৰত ফোন কৰিলে বন্যার্ত জীৱৰ ওচৰত পশুধন সাৰথি নামৰ বাহনখন উপস্থিত হ’ব বুলি চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই ৰাইজৰ সহযোগিতা আহ্বান কৰি কৈছে যে বিপদত পৰা বন্যপ্ৰাণী দেখিলে উদ্ধাৰৰ ক্ষেত্ৰত ৰাইজে নিজে চেষ্টা নকৰি বন বিভাগ আৰু পশু চিকিৎসা বিভাগক খবৰ দিয়ে যেন। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নৱতম সংযোজন পশুধন সাৰথিয়ে পোন প্ৰথমবাৰৰ বাবে এইবাৰৰ বানত সেৱা আগবঢ়াব। বাহনখনত এজন চিকিৎসক নিয়োজিত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক