সম্প্ৰতি ৰাজ্যৰ ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে

ৰাজ্যৰ কেইবাখনো জিলাত বতৰ ফৰকাল হোৱাৰ বাবে বাঢ়নি পানী হ্ৰাস পাইছে যদিও এতিয়াও ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৮৬টা ৰাজহ চক্ৰৰ ২,৫০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৪ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে, ২০৯টা আশ্রয় শিবিৰ আৰু ১৫৬ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্রস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে শিলচৰত উপস্থিত হয়। মন্ত্রীগৰাকীয়ে কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্রস্তসকলৰ অৱস্থাৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে কাছাৰ জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত কাছাৰ জিলাত বানে বিস্তৰ ক্ষতি কৰিছে। বানৰ ফলত কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি যোৱাৰ বাবে পথটোৰে যাতায়াত ব্যাহত হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, ক্ষতিগ্রস্ত লোকসকলক সকলো ধৰণৰ সাহায্য আৰু ক্ষতিপুৰণ নিশ্চিত কৰিবলৈ কাছাৰৰ অভিভাৱক মন্ত্ৰীগৰাকী দুদিন জিলাখনত থাকি সকলো দিশ তদাৰক কৰিব।
কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কুছিয়াৰা নৈব জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰত আছে। জিলাখনৰ ৪২ টা অঞ্চল পানীত বুৰগৈ থকাৰ লগতে ২২ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্রস্ত হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাত জিয়াঢল নৈব বানে ভালেমান অঞ্চল প্লাবিত কৰিছে। কেইবাটাও অঞ্চলত জনসাধাৰণৰ বাসগৃহ আৰু কৃষিভূমি বানত বুৰ গৈ আছে। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও স্বাভাবিক হোৱা নাই। উদ্যানখনত ৯টা গঁড়সহ ১৬৩ টা বন্যপ্ৰাণীৰ বানৰ ফলত মৃত্যু হৈছে। এতিয়াও উদ্যানখনৰ মুঠ ২৩৩ টা বন শিবিৰৰ ৫১টা পানীৰ তলত আছে। বানত উদ্যানখনৰ ভিতৰৰ কেইবাখনো দলং ভাগি পৰাৰ লগতে অন্যান্য আন্তঃগাঁথনিবো ক্ষতি হৈছে। ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী বণজিৎ কুমাৰ দাসে আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে, বুঢ়াদিয়া নৈৰ বানে সৰ্থেবাৰীৰ বিস্তীর্ণ অঞ্চল বুৰাই পেলোৱাৰ ফলত কেইবাহাজাৰো লোক বানত ক্ষতিগ্ৰস্ত হৈছে। সম্প্রতি পানী শুকাইছে যদিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্রস্তসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ক্ষয়- ক্ষতি আৰু সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ বুজ লয়। গোৱালপাৰা জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও যোৱা নিশাৰ পৰা হৈ থকা বৰষুণে পুনব ন ন অঞ্চল প্লাবিত কৰাৰ আশংকাই দেখা দিছে। জিলাখনৰ ২৮৭ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। জিলাখনত ৮০ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থান কৰা ১২ টা আশ্রয় শিবিৰত তিনি হাজাৰ ৪০০ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মৰিগাঁও জিলাত আজি স্বেচ্ছাসেৱী সংস্থা এটাৰ উদ্যোগত জিলাখনৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ বান ক্ষতিগ্রস্ত বৰালীমাৰী, কছাৰীগাঁও, লেঙেৰীবড়ি আৰু জেংবড়ি এলেকাত সাহায্য বিতৰণ কৰা হয়। সাহায্যসমূহ বিতৰণৰ সময়ত জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ উপৰি প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যখনত বান পৰিস্থিতিয়ে বিভিন্ন অঞ্চলত সমস্যাৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি সেৱা ভাৰতী পূৰ্বাঞ্চলব কৰ্মীসকলে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈছে। তেওঁলোকে দেশৰ অন্যান্য প্রান্তৰ লোকক অসমৰ বান ক্ষতিগ্রস্ত লোকসকলক সহায়ৰ বাবে আহ্বান জনাইছে। তদুপৰি তেওঁলোকে ক্ষতিগ্রস্তসকলক সহায়ৰ বাবে বেংক একাউণ্ট নম্বৰ, হোৱাটছআপ নম্বৰ আদি মুকলি কৰি জনসাধাৰণক সাহায্য আগবঢ়াবলৈ আগবাঢ়িছে।

অধিক পঢ়ক

সকলো চাওক