তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে। সময়সীমা বৃদ্ধি কৰি মন্ত্ৰালয়ে কয় যে বিশদ আলোচনাৰ অন্ততহে নতুন খচৰা বিধেয়কখন প্ৰকাশ কৰা হ’ব। বিধেয়কখনৰ খচৰা সংশ্লিষ্ট সকলো পক্ষ আৰু জনসাধাৰণৰ দিহা-পৰামৰ্শৰ বাবে ব্যাখ্যাত্মক টোকাৰ সৈতে যোৱা নৱেম্বৰত ৰাজহুৱা কৰা হৈছিল। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিধেয়কৰ খচৰা সন্দৰ্ভত বিভিন্ন সংস্থা তথা ব্যক্তিৰ পৰা দিহা-পৰামৰ্শ লাভ কৰা হৈছে।
Site Admin | August 13, 2024 3:09 PM | broadcast | India Govt. | Ministry of Info. & Broadcasting