সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছেঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ভাৰতে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাকাত থকা উচ্চ আয়োগৰ পৰামৰ্শমৰ্মে যোৱা মাহত ভালেসংখ্যক বিদ্যার্থী ভাৰতলৈ উভতি আহিছে।
নতুন দিল্লী মহলে দেশখনৰ সংখ্যালঘুৰ স্থিতিৰ ওপৰত নজৰ ৰাখি আছে বুলি ড০ জয়শংকৰে লোকসভা আৰু ৰাজ্যসভাক অৱগত কৰে। তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে বিভিন্ন গোট আৰু সংস্থাই উদ্যম গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে। তেওঁ কয় যে, ভাৰতে এনে ধৰণৰ উদ্যমৰ প্ৰতি আদৰণি জনাই যদিও আইন শৃংখলা পৰিস্থিতি বাহাল নোহোৱালৈকে বিষয়টোক লৈ চিন্তিত হৈ থাকিব। ড০ জয়শংকৰে কয় যে, বৰ্তমানৰ পৰিস্থিতি লৈ চাই সীমান্তত পহৰাৰত বাহিনীসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদেশমন্ত্ৰীগৰাকীয়ে কয় যে, বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই সুৰক্ষা সংস্থাসমূহৰ মুৰব্বীসকলৰ সৈতে হোৱা বৈঠকৰ পাছত প্রধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। শ্ৰীমতী হাছিনাই ভাৰতলৈ আহিবলৈ অনুমতি বিছাৰিছিল আৰু তেওঁ কালি বিয়লিহে নতুন দিল্লীত উপস্থিত হৈছে বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। তেওঁ কয় যে, নতুন দিল্লী মহলে যোৱা ২৪ ঘণ্টা ধৰি ঢাকাৰ কৰ্তৃপক্ষসমূহৰ সৈতে নিয়মীয়াভাৱে সম্পৰ্ক ৰক্ষা কৰি আছে। তেওঁ লগতে কয় যে, বাংলাদেশৰ স্থল সেনাধ্যক্ষ জেনেৰেল ৱাকাৰ উজ জমানে কালি ৰাষ্ট্ৰক সম্বোধন কৰে আৰু দায়িত্বভাৰ গ্ৰহণ কৰা তথা এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰে। বাংলাদেশত ভাৰতৰ কূটনৈতিক উপস্থিতি সন্দৰ্ভত ড০ জয়শংকৰে কয় যে, ঢাকা উচ্চায়োগৰ উপৰি ছট্টগ্রাম, ৰাজশ্বাহি, খুল্লা আৰু ছিলেটত সহকাৰী উচ্চায়োগ আছে। তেওঁ কয় যে ভাৰতে বাংলাদেশ চৰকাৰে এই প্ৰতিষ্ঠানসমূহক আৱশ্যকীয় সুৰক্ষা প্ৰদান কৰিব আৰু পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত ইয়াৰ স্বাভাৱিক কাম-কাজ আৰম্ভ হব বুলি আশা কৰে।

অধিক পঢ়ক

সকলো চাওক