April 25, 2024 11:08 AM | Election

printer

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এইবেলি লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে নেতাগৰাকীয়ে আজি কন্নৌজ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব। দুদিন পূৰ্বে দলে তেজ প্রতাপ যাদৱে কনৌজ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা দলে ঘোষণা কৰিছিল যদিও পাছত অখিলেশ যাদৱে আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। চতুর্থ পর্যায়ত ভোটগ্রহণ হ’বলগীয়া আসনখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। অখিলেশ যাদৱ এইবেলি সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া উত্তৰ প্ৰদেশৰ মূলায়ম সিঙ যাদৱৰ পৰিয়ালৰ পঞ্চম গৰাকী সদস্য। উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাজনীতিত বিশেষ নাম থকা কোনো এটা পৰিয়ালৰ ৫ গৰাকীকৈ সদস্য নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱে মেইনপুৰী সংসদীয় সমষ্টিৰ পৰা, অখিলেশ যাদৱৰ ভতিজা ধর্মেন্দ্ৰ যাদৱ আজমগড়ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অখিলেশৰ ভতিজা তথা সমাজবাদী পাৰ্টিৰ সাধাৰণ সম্পাদক শিৱপাল যাদৱৰ পুত্ৰ আদিত্য যাদৱে বাদায়ঁ আৰু সমাজবাদী পাৰ্টিৰ মুৰববীগৰাকীৰ আন এগৰাকী ভতিজা তথা দলৰ সাংসদ প্ৰফেচাৰ ৰামগোপাল যাদৱৰ পুত্ৰ অক্ষয় যাদৱে ফিৰোজাবাদ সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মূলায়ম সিং যাদৱৰ পৰিয়ালৰ চাৰিগৰাকী সদস্য নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল।

অধিক পঢ়ক

সকলো চাওক