ডাউনলোড
মোবাইল এপ

android apple
signal

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত বিশেষ সভা

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত আজি জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত অৱগত কৰে। পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা ৮ বজাৰ পৰা ১০ বজালৈহে ফটকা ফুটুৱাত অনুমতি প্ৰদান কৰা হৈছে। চূণচালি ঘাটতো বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নৈৰ ঘাটত পূজাৰ সময়ত অঘটন নহ’বলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে। আৰক্ষীৰ উপৰি পূজা সমিতিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব বুলি কোৱা হৈছে। আনহাতে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৃথক পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা থাকিব লাগিব। পুৱা আৰু সন্ধিয়াৰ সময়ত ৰাইজৰ আহ-যাহ কৰাত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে সমিতিসমূহক স্থানীয় আৰক্ষীৰ সহায় ল’বলৈ আহ্বান জনোৱা হৈছে। সাংস্কৃতিক অনুষ্ঠান বা সমদলৰ নামত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক