ডাউনলোড
মোবাইল এপ

android apple
signal

সমাগত লোকসভা নিৰ্বাচনত দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে, বিজেপিয়ে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰ লাল খাট্টাৰক কৰ্ণেল সমষ্টিৰ পৰা প্রার্থিত্ব দিয়াৰ বিপৰীতে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্রিবেন্দ্ৰ সিং ৰাৱাটক হৰিদ্বাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে। ইপিনে চত্তিশগড়ত প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলক ৰাজনন্দ গাওঁ সমষ্টিৰ পৰা প্রার্থিত্ব দিয়া হৈছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী বাসৱ ৰাজ বুম্মাইক হাভেৰী, ৰাজ্যখনৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্রী জগদীশ ছাট্টাৰক বেলগ্রাম সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে। জনতা দল চেকুলাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা প্রাক্তন প্রধানমন্ত্রী এইচ দি দেৱেগৌড়াৰ পুত্ৰ এইচ দি কুমাৰাস্বামীক মন্দিয়া লোকসভা আসনখনৰ পৰা প্ৰাৰ্থিত্ব দিছে।
মধ্য প্ৰদেশৰ ছিন্দৱাৰা সমষ্টিৰ পৰা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী কমল নাথৰ পুত্ৰ নকুল নাথে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা হিন্দুস্তানী আৰাম মৰ্চা চেকুলাৰৰ নেতা জীতন ৰাম মাঝিয়ে এন ডিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ পনিৰ ছেলভামে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰামানাথাপুৰম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, অন্ধ্রপ্রদেশ বিধানসভা নির্বাচনতো কেইবাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক