ডাউনলোড
মোবাইল এপ

android apple
signal

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনে প্রস্তুতি চলাইছে। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি পূৱ বাঘচোং উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু ৫১ নম্বৰ বাঘচোং চৰাইবাহী গাঁও পঞ্চায়ত পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়। জিলাখনত আজি নিৰ্বাচনত নিয়োজিত পলিং বিষয়াসকলৰ প্ৰশিক্ষণ আৰু বেলট বাকচসমূহৰ সাল সলনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।

কামৰূপ জিলা প্ৰশাসনেও এই নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। জিলা প্রশাসনে মনোনয়ন প্ৰক্ৰিয়া সুকলমে চলোৱাৰ বাবে বিভিন্ন পৰ্যায়ত জিলাখনত ৩৮ গৰাকী আৰু ৰঙিয়া সম জিলাত ৪ গৰাকী বিষয়া নিয়োগ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ অস্ত্ৰ- শস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে তেওঁৰ অস্ত্ৰ-শস্ত্ৰসমূহ সংশ্লিষ্ট আৰক্ষী থানাত ৭ দিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। কোনো সংস্থা, প্রতিষ্ঠান, বিভাগ অথবা ব্যক্তি বিশেষে অস্ত্র-শস্ত্র জমা দিয়াৰ পৰা ৰেহাই বিচাৰিলে অনুজ্ঞাপত্ৰৰ সবিশেষ তথ্যসহ ইয়াৰ কাৰণ দৰ্শাই লিখিতভাৱে জিলা দণ্ডাধীশক আবেদন জনাব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্রক্রিয়া ৩ এপ্ৰিলত আৰম্ভ হৈছে আৰু ১১ এপ্ৰিলত অন্ত পৰিব। ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। ১৭ এপ্রিল মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক