ৰাজ্যিক নির্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীভুক্ত আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটৰ তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ জন ভোটাৰ অন্তৰ্ভুক্ত হৈছে। ৰাজ্যিক নির্বাচন আয়োগে ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১ হাজাৰ ৩৩০টা ৱাৰ্ড সামৰি এইবাৰৰ পঞ্চায়তৰ ভোটৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন ২,৭৮১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব। আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো ওজৰ-আপত্তি থাকিলে, সেইসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব।
Site Admin | December 14, 2024 10:47 AM | Assam | ECI | Election Commission | Panchyat election