ডাউনলোড
মোবাইল এপ

android apple
signal

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত  গুৱাহাটীত উপস্থিত হব বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ প্রতিনিধি দল

সমাগত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাগ লোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ এটা প্রতিনিধি দল আজি গুৱাহাটীত উপস্থিত হোৱাৰ কথা। জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড ছিংগাপুৰ, অস্ট্রেলিয়া, জার্মানী, ইটালী, ভূটানকে ধৰি ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি দলটো আজি বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হ’ব। দলটোৱে বিনিয়োগ সন্মিলনত অংশ লোৱাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব।
ইপিনে এই সন্মিলন সর্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে। কালি লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ লয়। এই সন্মিলনৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি সকলো দিশতে উপযুক্ত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে বৈঠকত নির্দেশ দিয়ে। উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অন্য জিলাৰ আৰক্ষী কৰ্মীক গুৱাহাটীলৈ অনা হৈছে আৰু জ্যেষ্ঠ বিষয়াসকলে অহৰ্নিশে কাম কৰি আছে। প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেবিনেট মন্ত্রী, বিশিষ্ট উদ্যোগপতি আৰু ৰাষ্ট্ৰদূতসকলৰ ভ্ৰমণলৈ চাই অতিৰিক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সন্মিলনস্থলীৰ ভিতৰত আৰক্ষীৰ ইউনিফর্ম পৰিহিত কোনো কর্মী নাথাকে যদিও সুৰক্ষা কৰ্মীসকলে বাহিৰৰ পৰাই অনুমতিপ্রাপ্ত লোকৰ প্ৰৱেশ সুনিশ্চিত কৰিব। প্রতিনিধিসকলক ৰাষ্ট্ৰীয় ঘাইপথেৰে অনুষ্ঠান স্থলীলৈ অনা হ’ব যাতে গুৱাহাটীৰ ভিতৰত যান-বাহনৰ চলাচল বিশেষভাৱে প্ৰভাৱিত নহয়। এডভান্টেজ আছাম সন্মিলনত ৰাজ্য চৰকাৰে প্ৰায় ডেৰ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে যদিও এই পৰিমান দুই লাখ কোটি টকালৈ বৃদ্ধি পাব পাবে বুলি আশা কৰা হৈছে৷ আজি সন্ধিয়া চৰকাৰে বিনিয়োগৰ বাবে আগ্রহী উদ্যোগ প্রতিষ্ঠানসমূহৰ সৈতে বুজাবুজিৰ চুক্তি সন্দৰ্ভত আলোচনা কবিব। বৃহৎ প্রতিষ্ঠানসমূহে বিনিয়োগ কৰিব বুলি লাভ কৰা অনানুষ্ঠানিক তথ্যই আনুষ্ঠানিক ৰূপ ল’লে এই বিনিয়োগৰ পৰিমাণ দুই লাখ কোটি টকালৈ বৃদ্ধি পাব পাৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
এই সন্মিলনত ভাগ লোৱাৰ বাবে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে ৰাজ্যখনত উপস্থিত হ’ব। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত ভালেসংখ্যক ৰাষ্ট্ৰৰ ৰাষ্ট্রদূতে এই অনুষ্ঠানত অংশ ল’ব। কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীয়ে এই অনুষ্ঠানৰ অংশ হিচাপে কমেও পাঁচখন গুৰুত্বপূর্ণ আলোচনা সত্ৰত অংশ লোৱাৰ কথা। এই সন্মিলনে ৰাজ্যখনত উন্নয়ন বৃদ্ধিৰ লগতে ঔদ্যোগিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ইতিবাচক পৰিৱেশৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক