আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। নামনি অসমৰ বৰপেটাৰ লগতে কোনো কোনো ঠাইত আজি বিহুৰ উৰুকা পালন কৰা হ’ব। কামৰূপ জিলাত ভোগালী বিহু উপলক্ষে উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গাঁৱৰ ডেকা-বুঢ়াসকলে মেজিত অগ্নিসংযোগ কৰি তামোল-পাণেৰে সেৱা জনায়। জিলাখনৰ বিভিন্ন প্ৰান্তত পুৱা ৯ বজাৰ পৰা কণীযুঁজৰ লগতে কণ-কণ ল’ৰা-ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠ সকলৰ মাজত বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাতো ভোগালী বিহু উপলক্ষে জনসাধাৰণৰ মাজত উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। পুৱাতেই গাঁৱৰ ভকত-বৈষ্ণৱ সকলক শৰাই অৰ্পণৰ পৰম্পৰা ৰক্ষা কৰাৰ পাছত মেজি প্ৰজ্বলন আৰু মাহ-প্ৰসাদ বিতৰণ কৰা হয়। ৰাইজে সমাজৰ পৰা অপায়-অমঙ্গল নাশ হোৱাৰ কামনা কৰি গায়ন-বায়ন, খোল-তালৰ মংগল ধবনিৰ মাজত মেজিত অগ্নিসংযোগ কবে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত সম্পূর্ণ স্বকীয় ৰীতি-নীতি তথা সত্ৰীয়া পৰম্পৰা অনুসৰি ভোগালী বিহু উদযাপন কৰা হৈছে। ভোগালী বিহুৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন অঞ্চলত পৰম্পৰাগত খেল-ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ নেহৰুবালিত যোৱানিশাৰে পৰা ১১২ সংখ্যক ভোগালী উৎসৱ অনুষ্ঠিত হৈছে। ১৯ জানুৱাৰী পর্যন্ত চলিবলগীয়া এই কাৰ্যসূচী কালি সন্ধিয়া ভেলাঘৰত নাম-কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপক শৰ্মাই নেহকবালিৰ বিহুথলীত সাজি উলিওৱা হাতী-মানুহৰ সংঘাত শীৰ্ষক প্ৰদৰ্শনীখনৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি
কৰে।
ধেমাজি জিলাৰ বৰদলনিব বালিজান ভকত গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে একাদশ বার্ষিক ভোগালী বিহু আৰু মাঘি উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা স্বচ্ছ অভিযান, গছপুলি ৰোপণ, মাঘ বিহুৰ প্ৰৱেশ দ্বাৰ উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
লখিমপুৰ জিলাতো কালি উৰুকাৰ ভোজ-ভাত খাই আজি পুৱাতে বাইজে সমূহীয়াভাৱে মেজি জ্বলাই সেৱা কৰে। জিলাখনৰ বিভিন্ন অঞ্চলত আটক ধুনীয়াকৈ সজা মেজিসমূহৰ সন্মুখত সেৱা জনাবলৈ আজি শিশুৰ পৰা বয়স্কলৈ অগণন লোক সমবেত হয়। শোণিতপুৰ জিলাৰ চতিয়াৰ নাগশংকৰৰ ৰাইজেও আজি মেজি জ্বলাই অগ্নি সেৱা জনাই বছৰটোৰ বাবে শান্তি সমৃদ্ধি কামনা কৰে।
চৰাইদেউ জিলাতো ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে।