October 17, 2024 6:30 PM | Assam | Kati Bihu

printer

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদূলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰে । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাতি বিহুৰ সেৱা জ্ঞাপন কৰে। এটা বাৰ্তাত তেওঁ এই উৎসৱে সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। একেদৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাইও কাতি বিহু উপলক্ষে শস্যশ্যামলা পথাৰত কৃষকৰ সপোন উজলি উঠাৰ আশাৰে ৰাজ্যবাসীক ওলগ জনাইছে। ইফালে ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে আজি কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ সম-জিলা আৰু মহকুমাসমূহত কাতি বিহু পালন কৰা হয়। ইয়াৰ লগতে বিভাগীয় আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা সভাৰো আয়োজন কৰা হয়। তদুপৰি কৃষি বিভাগে তুলসী তলত বন্তি প্ৰজ্বলন আৰু শৰাই দিয়াৰ লগতে পথাৰত আকাশবন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও গ্ৰহণ কৰে। কৃষিমন্ত্ৰী অতুল বৰাই কাতি বিহু উপলক্ষে কৃষক ৰাইজৰ মংগল কামনা কৰি গোলাঘাট জিলাৰ বোকাখাটৰ আহুগাঁও পথাৰত আকাশবন্তি প্ৰজ্বলন কৰে। পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ পথাৰত কাতি বিহু উপলক্ষে আকাশবন্তি প্রজ্বলন কৰে। মাজুলী জিলাত প্ৰতিখন ঘৰৰ পদূলিত আৰু তুলসীৰ তলত পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলন কৰি কাতি বিহু পালন কৰা হৈছে। শিৱসাগৰ জিলাতো তুলসীৰ তলত চাকি আৰু পথাৰত আকাশবন্তি প্ৰজ্বলন কৰি কাতি বিহু পালন কৰা হৈছে। শিৱসাগৰৰ নগৰৰ লগতে প্ৰতিখন গাঁও আৰু চুবুৰীত ৰাইজে আজি বিহুৰ পৰম্পৰা ৰক্ষা কৰি কাতি বিহু পালন কৰিছে। লখিমপুৰ জিলাতো কাতি বিহু উপলক্ষে কৃষক ৰাইজে খেতিপথাৰত চাকি-বন্তি প্ৰজ্বলন কৰাৰ লগতে ঘৰে ঘৰে তুলসী পুলি ৰোপণ কৰি পৰম্পৰাগতভাৱে কাতি বিহু পালন কৰে। মৰিগাঁও জিলাত কৃষি বিভাগে জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে কাতি বিহু উদযাপন কৰে। জিলাখনৰ মিকিৰভেটা কৃষি চক্ৰৰ অন্তৰ্গত চৰাইবাহীৰ সোণাই নৈৰ পাৰৰ বৰহোলা পথাৰত এই কাৰ্যসূচী পালন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে তুলসীৰ তলত বন্তি, আকাশবন্তি প্ৰজ্বলনৰ লগতে জিলাখনৰ তিনিগৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয়। ইফালে সত্ৰনগৰী বৰপেটাত বিহুৰ দিনটোৰ পৰাই সম্পূৰ্ণ কাতি মাহটো সত্ৰ-নামঘৰ আৰু সত্ৰৰ হাটীপুৰত নাম প্ৰসংগৰে উদযাপন কৰা হ’ব। আজি ৰাখালথানত ইয়াৰ আৰম্ভণি কৰা হয় গোৱালপাৰা জিলাত কৃষি বিভাগৰ নিৰ্দেশমৰ্মে কিশোৰীডুবি গাঁৱত জিলাখনৰ কৃষি বিষয়াৰ কাৰ্যালয়ে কাতি বিহু পালন কৰিছে। এই অনুষ্ঠানত বিভাগীয় আঁচনিৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে কৃষিজাত শস্য বীজ আৰু সামগ্ৰী বিতৰণ কৰা হয়। ধুবুৰী জিলাত আকাশবন্তিৰ লগতে গো-লক্ষ্মীক উদ্দেশ্যি গোহালিঘৰ, লক্ষ্মী বাসকৰা ভঁৰালঘৰ, তামুল-নাৰিকল আদিৰ লগতো কাতি বিহু উপলক্ষে চাকি প্ৰজ্বলন কৰিছে।

অধিক পঢ়ক

সকলো চাওক