সমগ্ৰ ৰাজ্যতে আজি অসম আৰক্ষী দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি অসম আৰক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে শোণিতপুৰত আয়োজন কৰা দিৱসৰ কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে অংশগ্ৰহণ কৰি প্ৰতিকুল পৰিস্থিতিৰ মাজতো জনসাধাৰণৰ সেৱাৰ বাবে আৰক্ষীয়ে নিৰন্তৰ কাম কৰি যাব বুলি মত প্ৰকাশ কৰে। ইফালে, ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি অসম আৰক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰাৰ পাছত আৰক্ষীৰ জোৱানসকলক শপত বাক্য পাঠ কৰোৱা হয়৷

অধিক পঢ়ক

সকলো চাওক