ডাউনলোড
মোবাইল এপ

android apple
signal

November 23, 2024 10:20 AM | PM Speech

printer

সমগ্ৰ বিশ্ব‍ই ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিবলৈ লৈছে : প্ৰধানমন্ত্ৰী

বিগত ১০ বছৰত বৰ্তমানৰ চৰকাৰে ৰূপায়ণ কৰা সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰ বাবেই সমগ্ৰ বিশ্ব‍ই ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিবলৈ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। জাৰ্মানীৰ স্তটগাৰ্টৰ এটা সংবাদগোষ্ঠীয়ে ভাৰত-জার্মানী : বহনক্ষম উন্নয়নৰ পৰিকল্পনা বিষয়বস্তুৰে আয়োজন কৰা এটা অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কালি এইদৰে প্ৰকাশ কৰে। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণত শ্রীমোদীয়ে কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থ ব্যৱস্থাৰ দেশ আৰু প্ৰতিখন ৰাষ্ট্ৰই উন্নয়নৰ বাবে ভাৰতৰ সৈতে সহযোগ কৰিব বিচাৰে। তেওঁ কয়, যে জাৰ্মানীৰ ফকাচ অন ইণ্ডিয়া নথি ইয়াৰ উদাহৰণ আৰু এই নথিয়ে বিশ্বই কিদৰে ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিছে সেই কথা প্ৰতিফলিত কৰে। ভাৰতে প্ৰতিটো খণ্ডৰ বাবে নতুন নীতি প্ৰৱৰ্তন কৰিছে আৰু একবিংশ শতিকাত দ্রুত বিকাশ আহৰণ কৰাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁৰ চৰকাৰে ব্যৱসায় সূচল কৰি তোলাৰ উদ্দেশ্যে ৰঙা ফিটাৰ মেৰপেচৰ অৱসান ঘটাইছে। তেওঁ লগতে কয়, যে ভাৰতে উন্নয়নৰ বাবে বহনক্ষম মূলধন উপলব্ধ কৰোৱাৰ উদ্দেশ্যে দেশৰ বেংকিং ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। এটা শক্তিশালী ভেঁটি গঢ়ি তোলা হৈছে আৰু এই ভেঁটিৰ ওপৰতে বিকশিত ভাৰতৰ বিশাল অট্টালিক গঢ়ি তোলা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, জার্মানী উন্নয়নৰ এই যাত্ৰাত ভাৰত নিৰ্ভৰযোগ্য সহযোগী হ’ব। বিগত কেইটামান বছৰত ভাৰত আৰু জাৰ্মানীৰ মাজত পাৰস্পৰিক সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি শ্রীমোদীয় কয়, যে ভাৰতত এহেজাৰ ৮০০টাতকৈ অধিক জার্মান কোম্পানীয়ে কাম কৰি আছে আৰু এই কোম্পানীসমূহে যোৱা ৩-৪ বছৰত এহেজাৰ ৫০০ কোটি ডলাৰ বিনিয়োগ কৰিছে। তেওঁ কয়, যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যই ৩ হাজাৰ ৪০০ কোটি ডলাৰ স্পৰ্শ কৰিছে আৰু অনাগত সময়ত এই পৰিমাণ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জাৰ্মানীৰ উন্নয়ন যাত্ৰাত নিৰ্মাণ আৰু অভিযান্ত্ৰিক খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে, ভাৰতো বিশ্বৰ বৃহৎ নির্মাণ কেন্দ্ৰ ৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ কয়, যে ভাৰতে মেক ইন ইণ্ডিয়াৰ আঁচনিৰ সৈতে জড়িত নির্মাতাসকলক উৎপাদন আধাৰিত উদগনি প্ৰদান কৰি আহিছে। ভাৰত সম্প্ৰতি মোবাইল আৰু বৈদ্যুতিন আহিলাপাতিৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ অগ্ৰণী দেশ ৰূপে পৰিগণিত হৈছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্রী কয়, যে কোনো এখন দেশৰ দ্ৰুত উন্নয়নৰ বাবে ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ বাবে বিনিয়োগ বৃদ্ধি কৰাটো অত্যন্ত জৰুৰী। দেশত তিনিটা ভাগত আন্তঃগাঁথনিৰ সৃষ্টিৰ কাম দ্রুতগতিত চলি আছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে জার্মান কোম্পানীসমূহক ভাৰতত বিনিয়োগ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক