সমগ্ৰ দেশতে আজি স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ’ব। উল্লেখযোগ্য যে ২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানে এটা দশক পূৰ্ণ কৰিলে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত তিনিটা মুখ্য দিশক সামৰি চলিত বৰ্ষৰ অভিযান আয়োজন কৰা হৈছে । এই দিশসমূহ হৈছে- স্বচ্ছতা বিশেষ গোটসমূহৰ বাবে শ্রমদান কাৰ্যসূচী, স্বচ্ছতাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু ছাফাই মিত্র সুৰক্ষা শিবিৰ। এই অভিযানত দেশজুৰি নাগৰিকসকলকে ধৰি বিভিন্ন উদ্যোগ প্রতিষ্ঠান, বেচৰকাৰী সংস্থা, উন্নয়নমূলক সংস্থা, স্থানীয় নগৰীয়া গোটসমূহ, পঞ্চায়ত তথা বিভিন্ন গোটে অংশগ্রহণ কৰিব।
আনহাতে আজি পুৱাই গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত মহানগৰীৰ গীতা মন্দিৰ চৌহদত স্বচ্ছ আৰু সেউজ গুৱাহাটী গঢ়ি তোলাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে । আকাশবাণী গুৱাহাটীয়েও আজিৰে পৰা স্বচ্ছতা সেৱা অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইপিনে, এই উপলক্ষে কালি বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে কালি শপত গ্রহণ কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে মহাপ্ৰৱন্ধকৰ পৰিচালনাত বিভাগৰ জ্যেষ্ঠ বিষয়া, কৰ্মচাৰী, বিভিন্ন সংস্থা আৰু একতা সভাৰ প্ৰতিনিধিৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সকলো মণ্ডলতে অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে ৰেল বিভাগৰ কৰ্মচাৰী আৰু যাত্ৰীসকলৰ মাজত অনাময়ৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে হাতত লোৱা হৈছে। এই অভিযানত চাফাই মিত্র, অনাময় কর্মী আৰু আন আন অংশীদাৰসকলক স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।