ডাউনলোড
মোবাইল এপ

android apple
signal

November 1, 2024 12:42 PM | Diwali

printer

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উপলক্ষে জনসাধাৰণে ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা-অৰ্চনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে আন কেইবাটাও কাৰ্যসূচীৰ লগতে তিনিচুকীয়া নগৰৰ ডেইলী বজাৰ শ্যামা পূজাত ভাগ ল’ব। ইফালে, মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ৰ বাসগৃহত বন্তি প্ৰজ্বলন কৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ মিলন নগৰৰ মিলনজ্যোতি সংঘত উপস্থিত হৈ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। লখিমপুৰ জিলাতো উলহ-মালহেৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হয়। জিলাখনত সাধাৰণ জনতাই ঘৰে ঘৰে বন্তি জ্বলোৱাৰ সমান্তৰালকৈ ৰাজহুৱা মন্দিৰ দেৱালয় আদিতো বন্তি প্ৰজ্বলন কৰে। আনহাতে কালি পূজা উপলক্ষে লখিমপুৰ চহৰৰ গোপী নগৰৰ হৰি মন্দিৰত মহিলাৰ প্ৰতি সন্মান আৰু কন্যা শিশুক সুৰক্ষা বিষয় বস্তুৰে কালীপূজা উদযাপন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক