আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত এই দিৱসৰ মূল অনুষ্ঠানত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচ-কাৱাজৰ আৰম্ভণিতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰম্পৰাগত ঘোঁৰা বাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সন্মিলিত অভিবাদন গ্ৰহণ কৰে। এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রবোৱো ছুবিয়াণ্টো মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । পুৱা ৬ বজাত দেশপ্রেমমূলক গীতৰ প্ৰচাৰেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত চাৰে ৮ বজাত মুখ্যমন্ত্ৰী ড° শৰ্মাই থানা চাৰিআলিত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। পুৱা ৮ বাজি ৫৫ মিনিটত ছহিদ তৰ্পণ আৰু ৯ বজাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ইয়াৰ পাছতে অন্যান্য কাৰ্যসূচীসমূহ অনুষ্ঠিত হয়।
Site Admin | January 26, 2025 11:37 AM | 76th Republic Day