সমগ্ৰ দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। শিখ ধৰ্মৰ ভেঁটি স্থাপন কৰা প্ৰথম শিখ গুৰু, গুৰু নানকৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুমুৱে এটা বাৰ্তা যোগে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয় বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, যে গুৰু নানকে প্রেম, ভালপোৱা, ভাতৃত্ববোধ, সত্য আৰু ত্যাগৰ দৰে প্ৰমূল্যৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ শিকনি ৰাজীয়ে জনসাধাৰণক নৈতিক মূল্যবোধৰ পথ দেখুৱাই আহিছে। গুৰু নানকে লংগৰ নামেৰে পৰিচিত সমূহীয়া ৰান্ধনিশাল ব্যৱস্থাৰ প্ৰচলন কৰিছিল আৰু ভাতৃত্ববোধৰ পোষকতা কৰিছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে গুৰু নানকে সামাজিক দায়িত্ব পালন কৰি আধ্যাত্মিকতাৰ পথ অনুসৰণ কৰিবলৈ সকলোকে উদ্বুদ্ধ কৰি আহিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কয়, যে গুৰু নানকৰ জীৱন জ্ঞাপন পোহৰ স্বৰূপ আৰু তেওঁৰ জীৱনে মানৱ সেৱাৰ বাৰ্তা বহন কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু নানকৰ শিকনিৰাজিয়ে মানুহক মমতা, দয়া আৰু বিনয় ভাবেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগাই যাব বুলি আশা কৰে। তেওঁ শিকনিৰাজিৰ মানৱ সেৱাৰ প্ৰতি উদ্বুদ্ধ হৈ এখন নতুন পৃথিৱী গঢ়ি তুলিব বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
Site Admin | November 15, 2024 8:06 PM | Guru Parab