নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে সংস্কৃতি মন্ত্ৰ্যালয়ে নেতাজীৰ জন্মস্থান ওড়িশাৰ কটকত তিনিদিনীয়া উদযাপন সমাৰোহৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে এই সমাৰোহ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজীৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। শ্রীমতী মুমুৱে পৰাক্ৰম উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আটাইতকৈ দৃঢ়তাসম্পন্ন আৰু প্ৰেৰণাদায়ী নেতাসকলৰ ভিতৰত নেতাজী অন্যতম। শ্ৰীমতী মুৰ্মুৱে কয় যে তেওঁৰ আহ্বান মৰ্মে দেশৰ লক্ষ লক্ষ লোক স্বাধীনতাৰ বাবে সংগ্ৰামত ভাগ লৈছিল। নেতাজীৰ অদমনীয় দৃঢ়তা আৰু স্বাধীনতা লাভৰ আকাংক্ষা তথা আজাদ হিন্দ ফৌজৰ শক্তিশালী নেতৃত্বই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰিব বুলি তেওঁ মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতি শ্ৰীধনখড়ে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত নেতাজীয়ে দৃষ্টান্তমূলক অৱদান আৰু আজাদ হিন্দ ফৌজৰ গঠনে তেওঁৰ অতুলনীয় সাহস আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ নিদৰ্শন দাঙি ধৰে। তেওঁ কয় যে ভাৰতক ব্ৰিটিছ শাসকৰ কবলৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত এই মহান নেতাগৰাকীৰ সাহস, দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠা তথা ত্যাগে অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদান অভূতপূৰ্ব বুলি মন্তব্য কৰিছে। নেতাজীৰ জীৱনে সাহস আৰু ত্যাগক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে নেতাগৰাকীৰ দূৰদৰ্শিতাই তেওঁৰ সপোনৰ ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত দেশবাসীক প্ৰেৰণা যোগাব ।
প্রধানমন্ত্রী মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত নেতাজীৰ জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত তেওঁৰ প্ৰতি পুষ্পার্ঘ্য নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু অন্য নেতাসকলো এই অনুষ্ঠানত উপস্থিত থাকে। প্রধানমন্ত্রীয়ে ছাচ্-ছাত্রীসকলৰ সৈতেও মত-বিনিময় কৰে।
Site Admin | January 23, 2025 7:37 PM | parakram diwas